সংযোগৰ স্বপ্নত যুদ্ধৰ আঁচ: ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ সংকট
তপন পায়েং
কেইবাদিনৰ পৰা চলি থকা গাজা আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধই ভাৰত-মধ্যপ্ৰাচ্য ইউৰোপীয় অৰ্থনৈতিক কৰিডৰত কিছু সমস্যাৰ সৃষ্টি হৈছে । যিয়ে ভাৰত আৰু মধ্যপ্ৰাচ্য ইউৰোপীয় দেশ সমূহৰ মাজত অৰ্থনৈতিক গুৰুত্ব ৪০% শতাংশলৈ হ্ৰাস পাবলৈ ধৰিছে যিটো অৰ্থনৈতিক দিশত শুভ লক্ষণ ন'হয়। সেয়ে এই সম্পৰ্কে চলিত সপ্তাহৰ আগষ্টৰ আৰম্ভণিতে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ে আমেৰিকা, ইউ এ ই, চৌদি আৰব, ফ্ৰান্স, ইটালী, জাৰ্মানী, ইজৰাইল, জৰ্ডান আৰু ইউৰোপীয় সংঘৰ দূত আৰু বিষয়াসকলক আতিথ্য প্ৰদান কৰি ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আই এম ই চি)ৰ অগ্ৰগতিৰ বিষয়ে আলোচনাত মিলিত হ'য়।চমুকৈ IMEC হ'ল সাগৰীয় আৰু ৰেলপথৰ জৰিয়তে ভাৰত, উপসাগৰীয় আৰু ইউৰোপক সংযোগ কৰা এটা বাণিজ্য আৰু সংযোগ কৰিডৰ।
যোৱা ২০২৩ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষক সন্মিলনত ভাৰত, ইউৰোপীয় সংঘ, ফ্ৰান্স, জাৰ্মানী, ইটালী, চৌদি আৰব, ইউ এ ই আৰু আমেৰিকাৰ নেতাসকলে বুজাবুজিৰ জৰিয়তে চুক্তি কৰে ।এই কৰিডৰৰ লক্ষ্য ভাৰত, আৰব উপদ্বীপ, ভূমধ্যসাগৰীয় অঞ্চল আৰু ইউৰোপৰ মাজত বাণিজ্য বৃদ্ধিৰ বাবে বন্দৰ, ৰেলপথ, পথ, সাগৰীয় লাইন আৰু পাইপলাইনৰ আন্তঃগাঁথনি বিকাশৰ লক্ষ্যৰে বহু-মডাল সংযোগ প্ৰকল্প নিৰ্মান কৰা হেতুকে ভাৰত -মধ্যপ্ৰাচ্য ইউৰোপীয় দেশৰ অৰ্থনৈতিক কৰিডৰ প্ৰতিষ্ঠা কৰিছিল । ফলত ভাৰত-উপসাগৰ আৰু ইউৰোপ-উপসাগৰীয় কৰিডৰৰ পাতনিওঁ আৰম্ভ কৰিছিল ,ইয়াৰে ভাৰত উপসাগৰৰ কৰিডৰৰ পূৱ দিশত ভাৰতৰ পশ্চিম বন্দৰৰ পৰা ইউ এ ইলৈ কণ্টেইনাৰ যাতায়ত কঢ়িয়াই নিব, য’ৰ পৰা তীব্ৰবেগী ৰেল আৰব উপদ্বীপ (ইউ এ ই, চৌদি আৰব, জৰ্ডান)ৰ মাজেৰে ইজৰাইলৰ হাইফা বন্দৰলৈকে সামগ্ৰী যাতে কঢ়িয়াই নিব পাৰে আনহাতে হাইফাৰ পৰা গ্ৰীচ আৰু ইটালীৰ বন্দৰলৈ সামগ্ৰী প্ৰেৰণ কৰা হ’ব, য’ৰ পৰা ইউৰোপৰ সুপ্ৰতিষ্ঠিত ৰে’ল নেটৱৰ্কে সমগ্ৰ মহাদেশখনৰ চূড়ান্ত গন্তব্যস্থানলৈ সামগ্ৰী লৈ যাব পাৰে । ভাৰত -মধ্য প্ৰাচ্য ইউৰোপীয় কৰিডৰে ( India-Middle East Europe Economic Corridor)হে ভৌতিক দিশত অৰ্থাৎ যাতায়ত ব্যৱস্থা সুচল কৰাৰ উপৰিও ই ডিজিটেল সংযোগ আৰু সেউজ শক্তি সহযোগিতাৰ প্ৰসাৰ ঘটোৱা, বহুপক্ষীয়তাৰ মনোভাৱক শক্তিশালী গঢ়ি উঠাটো সহায় কৰিছে । তাৰোপৰি আইএমইচি(IMEC) ৰাষ্ট্ৰসমূহৰ (ইউৰোপীয় ইউনিয়নক ব্লক হিচাপে অন্তৰ্ভুক্ত কৰি) মুঠ জিডিপি প্ৰায় ৪৭ ট্ৰিলিয়ন ডলাৰ, যিয়ে বিশ্বৰ মুঠ জিডিপিৰ প্ৰায় ৪০ শতাংশ প্ৰতিনিধিত্ব কৰাত সক্ষম হৈ উঠিছে । আনহাতে ৰাজনৈতিক দিশত ই মধ্যপ্ৰাচ্যত চীনৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক গুৰুত্বৰ প্ৰতি বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বি আৰ আই) ৰ ৰূপত এক বিকল্প পদ্ধতি আগবঢ়াতো সহযোগীতা গঢ়ি তুলিছে ।
ভাৰতৰ বাবে লাভান্দিত দিশসমূহ :-:::উপসাগৰীয় সম্পৰ্কত শক্তিশালী কৰি আইএমইচিয়ে আন্তঃগাঁথনি আৰু সংযোগৰ জৰিয়তে ভাৰত- উপসাগৰীয় বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্ক বিকাশৰ বৰ্তমানৰ লক্ষ্যৰ পৰিপূৰক হৈ উঠিব । আনহাতে এই কৰিডৰৰ জৰিয়তে ওচৰ-চুবুৰীয়া দেশসমূহৰ মাজৰ আঞ্চলিকতাৰ বানিজ্য সেতু গঢ়ি উঠিব যাৰ লগতে ভাৰতীয় বানিজ্য দিশত কূটনৈতিক আৰু ৰাজনৈতিক সদিচ্ছা গঢ়ি তুলিব পাৰিব ফলত সামগ্ৰিক অৰ্থনৈতিক দিশতো বিকাশ হ’ব। সংযোগৰ ক্ষেত্ৰত ভাৰতৰ পৰা ইউৰোপীয় মূল ভূখণ্ডলৈ চুয়েজ যোজক সামুদ্ৰিক পথতকৈ ৩০% খৰচ হ্ৰাস কৰি প্ৰায় ৪০% দ্ৰুতগতিত উপস্থিত হোৱাৰ আশা কৰিব পাৰিব । ভাৰতৰ ২ টা বৃহত্তম বাণিজ্যিক গোট ইউৰোপীয় সংঘ (ইউৰোপীয় সংঘ) আৰু উপসাগৰীয় সহযোগিতা পৰিষদ (জিচিচি)ক সংযোগ কৰি আইএমইচি ভাৰতৰ দ্ৰুত বিকাশ আৰু বিশ্ব শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পাৰিব ভৱিষ্যতে ।
শেহতীয়াকৈ হৈ থকা গাজা আৰু ইজৰাইলৰ মাজত যুদ্ধৰ সংঘাতে ভাৰত-মধ্যপ্ৰাচ্য ইউৰোপীয় অৰ্থনৈতিক কৰিডৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে,ফলত আঞ্চলিক সম্পৰ্ক ক্ষীপ্ৰতভাৱে দুৰ্বল হৈ পৰিছে ,আঞ্চলিক সম্পৰ্কৰ অৱনতিৰ ফলত কৰিডৰৰ অগ্ৰগতিৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে। জৰ্ডান-ইজৰাইলৰ সম্পৰ্ক অধিক বেয়া হৈছে, আৰু পেলেষ্টাইনৰ ৰাষ্ট্ৰত্বৰ সমস্যাৰ বাবে ইজৰাইলৰ সৈতে ছৌদি আৰৱৰ স্বাভাৱিককৰণ স্থবিৰ হৈ পৰিছে। এই সংঘাতৰ ফলত বীমাৰ খৰচ আৰু জাহাজ পথৰ বাবে নিৰাপত্তাৰ বিপদ বৃদ্ধি পাইছে। লেবানন, য়েমেন, ছিৰিয়া, ইৰাকত শত্ৰুতা সম্প্ৰসাৰণ আৰু ইৰাণৰ সৈতে উত্তেজনাই কৰিডৰৰ জীৱনমুখীতাক আৰু অধিক জটিল কৰি তুলিছে। এই ভূ-ৰাজনৈতিক উত্তেজনাই প্ৰত্যাহ্বানসমূহক কাৰ্য্যকৰী পৰা মৌলিকলৈ স্থানান্তৰিত কৰিছে।
মধ্যপ্ৰাচ্যই আঞ্চলিক সংঘাতৰ ৰূপত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যেনে ইজৰাইল-হামাছ যুদ্ধ, য়েমেনৰ হাইটী বিদ্ৰোহীয়ে লোহিত সাগৰৰ বাণিজ্যত ব্যাঘাত জন্মা । এই সাম্প্ৰতীক কালত আইএমইচিৰ উন্নয়নে আৰব-ইজৰাইলৰ সম্পৰ্ক স্বাভাৱিককৰণ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ লগে লগে বন্ধ হোৱাৰ পৰিলক্ষ্যত হৈছে ।
সংঘাতৰ মাজতো ভাৰত, ইউ এ ই, আৰু চৌদি আৰৱৰ সৈতে জড়িত পূৱীয় অঞ্চলৰ দেশে শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ বাবে সম্ভাৱনা প্ৰকাশ কৰি আছে। ভাৰত দুয়োখন উপসাগৰীয় ৰাজ্যৰ বাবে এক মূল বাণিজ্যিক অংশীদাৰ, ইউপিআই ভিত্তিক ডিজিটেল পেমেণ্টৰ দৰে পদক্ষেপে সংযোগ বৃদ্ধি কৰিছে। কিন্তু আঞ্চলিক প্ৰভাৱক লৈ চৌদি আৰব আৰু ইউ এ ইৰ মাজত হোৱা প্ৰতিযোগিতাই জটিলতাৰ সংকটৰ প্ৰভাৱ পৰিলক্ষিত হৈছে । কৰিডৰৰ সম্পূৰ্ণ বাস্তৱায়ন আঞ্চলিক স্থিতিশীলতা পুনৰুদ্ধাৰ আৰু পেলেষ্টাইন সংঘাত সমাধানৰ ওপৰত নিৰ্ভৰশীল আৰু তেতিয়াৰ পৰা আইএমইচি য়ে অনুকূল ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে অপেক্ষা কৰি থকা এক কৌশলগত দৃষ্টিভংগী হৈয়েই আছে।
ভাৰতৰ মধ্যপ্ৰাচ্য ইউৰোপীয় অৰ্থনৈতিক কৰিডৰৰ প্ৰত্যাহ্বান ৰোধ কৰি প্ৰগতিমূখী কৰাৰ ভৱিষ্যত পদক্ষেপ সমূহ এনেধৰনৰ হ'ব পাৰে -
আই এম ই চিৰ অনিশ্চয়তাৰ সন্মুখীন হোৱাৰ বিপৰীতে ইউ এ ই আৰু চৌদি আৰৱৰ সৈতে ভাৰতৰ শক্তিশালী কৌশলগত আৰু অৰ্থনৈতিক সম্পৰ্কই ইয়াৰ পূব লেগৰ সম্ভাৱনা জীয়াই ৰখা।
আইএমইচিয়ে ২০২৩ চনৰ দৃষ্টিভংগীৰ সৈতে মিল ৰাখিবলৈ হ’লে ইয়াৰ ধাৰণাটোক সক্ষম কৰি আঞ্চলিক স্থিতিশীলতা পুনৰুদ্ধাৰ কৰিব লাগিব যাতে যিটো লক্ষ্য পেলেষ্টাইনৰ ৰাষ্ট্ৰত্বৰ সমস্যা সমাধানৰ সৈতে জড়িত। ভাৰত-মধ্যপ্ৰাচ্য ইউৰোপীয় ৰাষ্ট্ৰসমূহে সন্মিলনত মিলিত হৈ জাৰ্মানীয়ে ইজৰাইললৈ অস্ত্ৰ যোগান ধৰাৰ বাধা দি শান্তি পক্ষলৈ লৈ ঘুৰি আনি যুদ্ধ পৰিৱেশ শেষ কৰা।
বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিত বাণিজ্য আৰু সংযোগ উন্নত কৰাৰ লক্ষ্যৰে আই এম ই চি এনে অন্যতম বাণিজ্যিক কৰিডৰ। এই কৰিডৰসমূহৰ উন্নয়নত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷গতিকে ভাৰতেওঁ এই ক্ষেত্ৰত ভাৰত-মধ্যপ্ৰাচ্য ইউৰোপীয়ত অন্তৰ্ভূক্ত হৈ থকা দেশসমূহৰ লগত মিলিত গাজা-ইজৰাইলৰ সংঘাতক সমাপ্ত কৰাৰ চেষ্ঠা কৰিব লাগে ॥